ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটীৰ শক্তিপীঠ কামাখ্যা মন্দিৰত আজিৰে পৰা অম্বুবাচী মহাযোগ

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ’ব। আজি বিয়লি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ’ব। পুনৰ ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। ইতিমধ্যে দেশী-বিদেশী ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আইন শৃংখলা তথা তীর্থযাত্রী, ভক্তৰ সুৰক্ষাৰ বাবে মন্দিৰ চৌহদত ১২০ গৰাকী স্থায়ী সুৰক্ষা কৰ্মী, ৪০০ গৰাকী স্কাউট গাইড, ১৫০ গৰাকী স্বেচ্ছাসেৱক, ২৫০ গৰাকী অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে। দেৱালয়ৰ চৌপাশে ৫০০টা চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব। পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথেৰে ভক্তৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অম্বুবাচী মহাযোগ সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।