গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আজি বিমানৰ উৰণ আৰু অৱতৰণত খেলিমেলি হোৱা বাবে বিমান যাত্ৰীসকলৰ মাজত অসুবিধাৰ সৃষ্টি হয়। বিশেষকৈ ইণ্ডিগ বিমানৰ যাত্ৰীসকলে বহু সময় ধৰি বিমান বন্দৰত অপেক্ষা কৰিবলগীয়া হয়। ইতিমধ্যে গুৱাহাটীৰ পৰা উৰা মাৰিবলগীয়া আৰু গুৱাহাটীত অৱতৰণ কৰিবলগীয়া ইণ্ডিগ’ৰ সকলো বিমান বাতিল কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। অৱশ্যে কি কাৰণত ইণ্ডিগ’ বিমানৰ উৰণ আৰু অৱতৰণ বাতিল কৰা হৈছে, সেই সন্দৰ্ভত বিমান কর্তৃপক্ষই কোনো তথ্য প্ৰকাশ কৰা নাই।
Site Admin | December 4, 2025 8:57 PM | Akashvani | Akashvani Guwahati | Guwahati Airport | LGBI Airport | lok-priya-gopinath-bordoloi-airport
গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিমানৰ উৰণ আৰু অৱতৰণত খেলিমেলি