ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটীৰ বেতকুছি হাইস্কুলে ছোৱালীৰ ১৭ বছৰ অনুৰ্ধ সুব্রত কাপ ফুটবল প্রতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন

■ গুৱাহাটীৰ বেতকুছি হাইস্কুলে ৰাজ্যৰ প্ৰথমটো দল হিচাপে ছোৱালীৰ ১৭ বছৰ অনুৰ্ধ সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। বেতকুছি হাইস্কুলে কালি নতুন দিল্লীৰ ড° আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ নন্দঝাৰ আদিবাসী তপশিলি হাইস্কুলক ৩-১ গ’লত পৰাস্ত কৰে। অসমৰ ছোৱালী দলটোৱে খেলখনৰ প্ৰথমাৰ্ধতে ৩-১ গ’লৰ অগ্ৰগতি লাভ কৰে। বেতকুছিৰ হৈ খেলৰ ১২ মিনিটত ছায়শ্রী চাংমায়ে প্ৰথমটো গ’ল দিয়ে। ইয়াৰ ৯ মিনিট পাছতে নেহাৰ গ’লেৰে বংগৰ দলটোৱে খেলত সমতা স্থাপন কৰে। বেতকুছিৰ হৈ মিলিনা ব্ৰহ্মই ২৪ মিনিটত আৰু মেৰি মেচে ২৯ মিনিটত গ’ল দি দলক জয়ৰ দিশে আগুৱাই লৈ যায়। দ্বিতীয়ার্ধত বংগৰ দলটোৱে গ’ল পৰিশোধ কৰাৰ চেষ্টা চলাই যদিও সফল নহয়। ছোৱালীৰ সুব্রত কাপত অসমে এইবাৰ খিতাপ লাভ কৰিলেও ল’ৰাৰ সুব্ৰত কাপত ইয়াৰ আগেয়ে ৰাজ্যৰ স্কুল দলে দুবাৰ খিতাপ জয় কৰিছিল। ১৯৮৬ চনত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আৰু ১৯৯২ চনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ হাইস্কুলে এই প্রতিযোগিতাৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।