গুৱাহাটী মহানগৰীৰ বামুণীমৈদামৰ ৰে’লৱে কলনিত শাৰদীয় দুর্গা পূজাৰ বিজয়া দশমীৰ দিনা জুবিন গাৰ্গৰ গীত বজাবলৈ অনুৰোধ কৰাৰ বাবে এজন যুৱকক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে ৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। চানমাৰি আৰক্ষীয়ে বামুণীমৈদামৰ ৰাজু দত্ত, গোপাল দাস, বসন্ত বাছফৰ, বিশাল চক্ৰৱৰ্তী, বিজু শীল, ৰমেন দাকুৱা, শুভেন্দ্ৰ শেখৰ ৰয় আৰু বৰুণ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতত হাজিৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। অৱশ্যে এই ঘটনাৰ মূল অভিযুক্ত আন ১০ জন লোক এতিয়াও পলাতক অৱস্থাত আছে। উল্লেখযোগ্য যে ২ অক্টোবৰত দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা অবিনাশ ৰজক নামৰ যুৱকজনে পূজাথলীত জুবিন গাৰ্গৰ গীত বজাবলৈ অনুৰোধ কৰাৰ পাছতে তেওঁ এই লোকসকলৰ আক্ৰমণৰ বলি হৈছিল। এই অভিযুক্তকেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩(২) নম্বৰ ধাৰাৰ অধীনত ২৩৯/২৫ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Site Admin | October 5, 2025 11:41 AM | Assam Police
গুৱাহাটীৰ বামুণীমৈদামৰ ৰে’লৱে কলনিত বিজয়া দশমীৰ দিনা এজন যুৱকক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে ৮ জন লোকক গ্ৰেপ্তাৰ কৰে
