September 29, 2025 7:30 PM | ICC Women's World Cup

printer

গুৱাহাটীৰ বর্ষাপাৰাত কাইলৈ আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল

গুৱাহাটীৰ বর্ষাপাৰাত থকা অসম ক্রিকেট এচ’ছিয়েছনৰ স্টেডিয়ামত কাইলৈ আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলখন অনুষ্ঠিত হ’ব। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্রিকেট দলটো শ্রীলংকাৰ মুখামুখি হ’ব। ভাৰত আৰু শ্রীলংকাৰ দুয়োটা দল ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। উদ্বোধনী অনুষ্ঠানৰ ৪০ মিনিট সময় জুবিন গাৰ্গৰ সন্মানার্থে উৎসর্গিত হ’ব বুলি বি চি চি আইয়ে সদৰি কৰিছে।

আজি জাৰি কৰা নির্দেশনা অনুসৰি বি কে কাকতি ৰোড, এ কে আজাদ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোড, ড০ ভূপেন হাজৰিকা ৰোড, বাজীৱ গান্ধী ৰোডৰ জ্যোতিকুছি পর্যন্ত, দক্ষিণগাঁও তিনিআলিৰ পৰা লালগণেশলৈ বাণিজ্যিক সামগ্রী কঢ়িয়াই নিয়া বাহনৰ চলাচল পুৱা ১১ বজাৰ পৰা মাজনিশা ১২ বজালৈ বন্ধ থাকিব। পুৱা ১১ বজাৰ পৰা কেবল অনুমতি থকা বাহনসমূহহে লালগণেশ তিনিআলিৰ পৰা চাইকেল ফেক্টৰী তিনিআলিলৈ যাব পাৰিব। লখৰা চাৰিআলিৰ পৰা আৰ্যনগৰ অভিমুখে যোৱা বাহনসমূহ লালগণেশ তিনিআলিত পথ সলনি কৰোৱা হ’ব। ধীৰেণপাৰা তিনিআলিৰ পৰা বর্ষাপাৰা তিনিআলি অভিমুখে কোনো যান-বাহন চলাচল কৰিব নোৱাৰিব।

খেল শেষ হোৱাৰ পাছত স্টেডিয়ামৰ ভিতৰত ৰখাই থোৱা বাহনবোৰ ধীৰেণপাৰা তিনিআলি বা বর্ষাপাৰা তিনিআলি অভিমুখে যাব পাৰিব। ধীৰেণপাৰা তিনিআলিৰ পৰা গড়চুক আৰু ফটাশিল আমবাৰীৰ ফালে যাব পাৰিব। বর্ষাপাৰা বা ধীৰেণপাৰাৰ পৰা কুল বসুমতাৰী ৰোডত কোনো যান-বাহন চলাচল কৰিব নোৱাৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।