ডাউনলোড
মোবাইল এপ

android apple
signal

গুৱাহাটীৰ ফটাশিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ৩জন লোকক গ্ৰেপ্তাৰ

গুৱাহাটীৰ ফটাশিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ফটাশিল আৰক্ষীয়ে আজি ঠিকাদাৰী প্ৰতিষ্ঠানৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। নলা নিৰ্মাণৰ সময়ত সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত আৰক্ষীয়ে ভার্তিয়া ইনফ্রা প্রকল্প লিমিটেডৰ সঞ্চালক অবিনাশ ভার্তিয়া, নিৰাপত্তা অভিযন্তা কৌশিক গগৈ আৰু উপ প্ৰকল্প প্ৰৱন্ধক প্ৰসন্ন জিৎ পাঠকক গ্ৰেপ্তাৰ কৰে। এই ঘটনা সংক্রান্তত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ আৰু অধিক লোক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জনাইছে। উল্লেখযোগ্য যে মৃত শিশুটিৰ পিতৃয়ে ফটাশিল থানাত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে দাখিল কৰা এহাজাৰৰ ভিত্তিত আৰক্ষীয়ে আজি লোককেইজনক গ্ৰেপ্তাৰ কৰে।

ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সকলো উন্মুক্ত MANHOLE আৰু নলাৰ উপগ্ৰহৰে জৰীপ চলাই প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে। ড° শৰ্মাই নলা উন্মুক্ত কৰি ৰখাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।