দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি ৮৬০ গৰাকী বীৰ ছহিদক প্ৰণিপাত জনাই ছহিদ বেদীত পুষ্পাঞ্জলি তর্পণ কৰে।
প্রধানমন্ত্ৰীগৰাকী ইয়াৰ পাছতে নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বিশ্বমানৰ এই প্ৰকল্পৰ উৎপাদন ক্ষমতা বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিকটন আৰু ইয়াৰ পৰা প্ৰতিদিনে ২২০০ মেট্রিকটন এমনিয়া আৰু ৩,৮৫০ মেট্রিকটন ইউৰিয়া উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ১০৬০০ কোটি টকা ব্যয়ৰে ২০৩০ চনৰ ভিতৰত কাৰ্যক্ষম হ’বলগীয়া এই প্ৰকল্পই ৰাজ্যখনক ঔদ্যোগীক দিশত যথেষ্ট লাভান্বিত কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পত অইল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰাকৃতিক গেছৰ যোগান ধৰাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীৰ মূল বজাৰসমূহ শক্তিশালী কৰি তোলা হ’ব। ইউৰিয়া প্ৰকল্প ৰূপায়ণৰ ফলত ভাৰতৰ ইউৰিয়া আমদানি হ্ৰাস পোৱাৰ লগতে অসম আৰু উত্তৰ-পূবৰ ইউৰিয়াৰ প্রয়োজন পূৰণ হ’ব। এই প্ৰকল্পৰ আশেপাশে অর্থনৈতিক কামকাজ বৃদ্ধি হোৱাৰ ফলত তিনি শতাধিক প্রত্যক্ষ আৰু সহস্ৰাধিক পৰোক্ষ নিয়োগ সৃষ্টি হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিনৰ ১১ বজাত অংশ ল’বলগীয়া এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী, বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। উল্লেখযোগ্য যে, প্রধানমন্ত্রী মোদীয়ে কালি বিয়লি গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত টার্মিনেল ভৱন উদ্বোধন কৰে। ৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে বাঁহ আৰু কপৌ ফুলৰ আর্হিত এই নতুন টার্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে। প্ৰায় এক লাখ ৪০ হাজাৰ বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টার্মিনেলটো বছৰি এক কোটি ৩০ লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ আৰু কপৌ ফুলক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা এই টার্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিছে। এই উপলক্ষে আয়োজিত জনসভাত দিয়া ভাষণত অসমৰ লুইতপৰীয়া ৰাইজক অসমীয়া ভাষাৰে সম্ভাষণ জনাই প্রধানমন্ত্রীয়ে নিজৰ ভাষণত কয় যে নতুন বিমান বন্দৰৰ টার্মিনেল ভৱন নির্মাণে অসমৰ লগতে উত্তৰ- পূৱৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। অসমে আন্তঃগাঁথনিগত দিশৰ উন্নয়নৰ লগতে আইন শৃংখলাৰ দিশতো উন্নয়ন সাধন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত শীর্ষ স্থানত থকা বিষয়টোক লৈ প্রধানমন্ত্রীয়ে সন্তোষ প্রকাশ কৰে। শ্ৰীমোদীয়ে সম্প্ৰতি অসমত অজস্র যুৱক-যুৱতীয়ে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা বিষয়টোক লৈ সন্তোষ প্ৰকাশ কৰে।
অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুয়ে নিজৰ ভাষণত অসম তথা উত্তৰ পূবৰ বৈচিত্রপূর্ণ সংস্কৃতি, প্রাকৃতিক সৌন্দৰ্য আৰু লোক জীৱনক প্ৰশংসা কৰি কয় যে উত্তৰ পূব ভ্ৰমণ অবিহনে ভাৰত ভ্ৰমণ সম্পূর্ণ নহয়। তেওঁ সকলোকে অসম তথা উত্তৰ পূব ভ্ৰমণৰ বাবে আহ্বান জনায়।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত অসমবাসীয়ে নিজৰ সপোনক বাস্তৱায়িত কৰিব পৰাকৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিকদর্শন কৰিছে বুলি উল্লেখ কৰে। তেওঁ লগতে শান্তি, প্ৰগতি আৰু বিকাশৰ পথত অগ্ৰসৰ হোৱা ৰাজ্যখনে গুৱাহাটী বিমান বন্দৰত সোনকালে দ্বিতীয়টো টার্মিনেল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে । কেন্দ্ৰীয় চৰকাৰে ২০৩২ চনৰ ভিতৰত দ্বিতীয়টো টার্মিনেল নিৰ্মাণৰ কথা বিবেচনা কৰিছে যদিও ৰাজ্যখনৰ প্ৰগতিৰ স্বাৰ্থত ২০২৮ চনৰ ভিতৰতো এই টার্মিনেল নির্মাণ হ’ব পাৰে বুলি তেওঁ আশা প্ৰকাশ কৰে।
প্রধানমন্ত্রী মোদীয়ে কালি বিমানবন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। প্ৰধানমন্ত্ৰীয়ে সৰুসজাইৰ পৰা বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ উলিওৱা এটা ৰোড শ্ব’ত অংশ লোৱাৰ পিছত গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে।
Site Admin | December 21, 2025 11:20 AM | PARIKSHA PE CHARCHA | PM Modi
গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা