গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত ২১ ডিচেম্বৰত প্রধানমন্ত্ৰী মোদীয়ে পৰীক্ষা পে চৰ্চা বিষয় লৈ আলোচনা কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১ ডিচেম্বৰত গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ ২৫-৩০ গৰাকী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। এই অনুষ্ঠানৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বাছনি কৰা হৈছে। এই কাৰ্যসূচীৰ বাবে নলবাৰীৰ গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দৃষ্টি গোস্বামীয়েও বাছনি লাভ কৰিছে। ছাত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।

এই কাৰ্যসূচীৰ বাবে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ ছাত্ৰী অর্পিতা দাসেও বাছনি লাভ কৰিছে। উল্লেখযোগ্য যে পূৰ্বে দলগত শিতানত দুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰা কৃতি শিক্ষার্থীগৰাকীয়ে প্ৰধানমন্ত্ৰীক সুধিবৰ বাবে ইতিমধ্যে প্রশ্ন সাজু কৰা বুলি প্ৰকাশ কৰিছে।