ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গুৱাহাটী শিশু মহোৎসৱৰ আয়োজন

অসম প্ৰকাশন পৰিষদে পৰহিলৈৰ পৰা ২০ জুলাইলৈকে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গুৱাহাটী শিশু মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত শিশু গ্রন্থমেলা, সাংস্কৃতিক প্রতিযোগিতাকে ধৰি কেইবাটাও কার্যসূচী থাকিব। মহোৎসৱত প্ৰৱেশ সম্পূৰ্ণৰূপে বিনামূলীয়া কৰা হৈছে বুলি প্ৰকাশন পৰিষদৰ সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মহোৎসৱৰ সফলতা কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ অভিভাৱকসকলক নিজৰ সন্তানক জ্ঞান আৰু সৃষ্টিৰ এই আনন্দময় মহোৎসৱত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ আহ্বান জনায়৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।