November 19, 2025 8:57 PM | zubeen chandmari

printer

গুৱাহাটীৰ চানমাৰিত ৰাজ্যখনৰ প্ৰায় ৩০০ গৰাকী শিল্পীৰ গীতেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ

অগণন অনুৰাগীক শোকস্তব্ধ কৰি কায়িকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজি ৰাজ্যখনৰ প্ৰায় ৩০০ গৰাকী শিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গীতেৰে স্মৰণ কৰিছে। কেবাগৰাকীও ন-পুৰণি শিল্পীয়ে শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত এটি বৰগীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। এই গীতটি জুবিন গাৰ্গৰ কণ্ঠত পূৰ্বে বাণীবদ্ধ কৰা হৈছিল। এই সুৰীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ২০০ তকৈ অধিক কণ্ঠশিল্পী আৰু ৭০ গৰাকীৰো অধিক বাদ্যযন্ত্ৰীয়ে ৮গৰাকী সংগীত পৰিচালকৰ তত্বাৱধানত জুবিন গাৰ্গৰ দুকুৰি গীত পৰিবেশন কৰা হয়। এই অনুষ্ঠান পৰিবেশনৰ বাবে অগণন লোক অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সমৱেত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।