গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত অইল-আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতা

● সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত আজিৰে পৰা অইল-আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাৰ মূল ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হ’ব। আজি একক শাখাৰ খেল অনুষ্ঠিত হ’ব। কালি সমাপ্ত হোৱা প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচৰ অন্তত ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ ল’ৰা আৰু ছোৱালীৰ প্ৰতিটো শাখাতে আঠ গৰাকীকৈ মুঠ ৩২ গৰাকী খেলুৱৈয়ে মূল ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত দেশৰ ২০ খন ৰাজ্যৰ প্ৰায় ১৮৫ গৰাকী খেলুৱৈয়ে অংশ লৈছে।