গুৱাহাটীৰ খানাপাৰাত প্রখ্যাত আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠান অনুষ্ঠিত হৈছে। সংগীতানুষ্ঠান উপভোগ কৰিবলৈ খানাপাৰাত ৰাজ্যৰ লগতে চুবুৰীয়া কেইবাখনো ৰাজ্যৰ দৰ্শকে ভিৰ কৰিছে। আমেৰিকান সংগীত শিল্পীগৰাকীক অসমলৈ স্বাগতম জনাই শিল্পীগৰাকীৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে অসমলৈ এনে আন্তর্জাতিক পৰ্যায়ৰ শিল্পী পূৰ্বে অহা নাছিল। শিল্পীগৰাকীৰ অনুষ্ঠান চাবলৈ বহিঃৰাষ্ট্ৰৰ দৰ্শককো আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এনে অনুষ্ঠানে ৰাজ্যৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াব বুলি আশা প্রকাশ কৰে। একেটা প্ৰসংগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অনাগত দুবছৰৰ ভিতৰত বিশ্ববিখ্যাত সংগীত শিল্পী ছাকিৰাক অসমত অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে আমন্ত্রণ জনোৱা হ’ব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে অনুষ্ঠানৰ সময়ত যান-বাহনৰ সুচল যাতায়াতৰ বাবে মহানগৰ আৰক্ষীয়ে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰে। এই অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থানত যান-বাহন ৰখোৱাত বাধা আৰোপ কৰাৰ লগতে বেলতলা, ছয়মাইল আৰু খানাপাৰাৰ আশে-পাশে যান-বাহন ৰখোৱাৰ বাবে আৰক্ষীয়ে সু-নির্দিষ্ট ব্যৱস্থা কৰা হৈছে।
Site Admin | December 8, 2025 7:52 PM | Singer Post Malone in Guwahati
গুৱাহাটীৰ খানাপাৰাত প্রখ্যাত আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠান