গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজি অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰা হয়। ৰাজ্য চৰকাৰৰ গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অহা ২৪ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ অসম গ্রন্থমেলাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তই গ্রন্থমেলাৰ লাইখুঁটা স্থাপন কৰি কয়, যে অসম গ্রন্থমেলা, গুৱাহাটী হৈছে সকলোৰে বাবে হেঁপাহ আৰু সন্মানৰ অনুষ্ঠান আৰু এই গ্রন্থমেলালৈ সকলোৱে অতি আগ্ৰহেৰে বাট চাই থাকে। ৰাজ্যৰ প্রান্তে প্রান্তে অনুষ্ঠিত হোৱা গ্রন্থমেলাক লৈ সন্তুষ্টি প্রকাশ কবি শ্রীমহন্তই গ্রন্থ আন্দোলনৰ এই যাত্রা আশাব্যঞ্জক বুলি উল্লেখ কৰে। তেওঁ কয়, যে ইয়াৰ ফলত সুস্থ বৌদ্ধিক বাতাবৰণ আৰু অধ্যয়ন সংস্কৃতিয়ে জনসাধাৰণক সমৃদ্ধ কৰিব। আজিৰ কাৰ্যসূচীত অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, পৰিষদৰ সচিব প্রমোদ কলিতাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ৰঞ্জিতা গোস্বামীৰ নেতৃত্বত এটা দলে দিহা নাম প্রদর্শন কৰে। আজিৰ অনুষ্ঠানতে অসম গ্রন্থমেলা গুৱাহাটীৰ প্ৰৱেশ-পত্ৰ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে, বিশিষ্ট সাহিত্যিক আমিশ ত্রিপাঠীয়ে অহা ২৪ ডিচেম্বৰত অসম গ্রন্থমেলা গুৱাহাটী উদ্বোধন কৰিব।
Site Admin | December 14, 2025 7:56 PM | Guwahati Book Fair
গুৱাহাটীৰ খানাপাৰাত অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন