December 28, 2025 6:15 PM | Asom Book Fair

printer

গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি পঞ্চম দিনটো শিশুৰ দিন হিচাপে উদযাপন

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি পঞ্চম দিনটো শিশুৰ দিন হিচাপে উদযাপন কৰা হয়। পুৱা বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকনে শিশুসকলৰ অনুষ্ঠান মুকলি কৰে। পুৱা চাৰে ৯ বজাত কবিতা আবৃত্তি আৰু দিনৰ চাৰে ১১ বজাত আকস্মিক বক্তৃতা প্রতিযোগিতা অনুষ্ঠিত হয়। বিয়লি ২ বজাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হয়। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু ৬ বজাত অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ’ব। বিশিষ্ট লেখক, চিত্ৰনাট্যকাৰ, কবি, গীতিকাৰ অক্ষত গুপ্তাই অন্তৰংগ আলাপ অনুষ্ঠান মুকলি কৰিব। এই অনুষ্ঠান পৰিচালনা কৰিব বিশিষ্ট লেখক, সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ সমুদ্রগুপ্ত কাশ্যপে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।