ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটীত ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

গুৱাহাটীত অহা বছৰৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ’ব। দিছপুৰত আজি অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি লগতে কয় যে দুদিনীয়া বিনিয়োগ সন্মিলনখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। বিনিয়োগ আৰু আন্তঃগাঁথনিত গুৰুত্ব আৰোপ কৰি হবলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত পথ পৰিবহণ, কৃষি, ঔদ্যোগিক, ৰে’লৱে, হাইড্ৰকাৰ্বন উদ্যোগ, অসামৰিক বিমান সেৱা, নৱীকৃত আন্তগাঁথনি সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। ৰাজ্যখনত বিনিয়োগকাৰীক আকৰ্ষিত কৰিবৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ লোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এডভাণ্টেজ আছাম কাৰ্যসূচীৰ প্ৰথম দিনা মেগা ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হ’ব। সৰুসজাই ষ্টেডিয়ামত হবলগীয়া এই ঝুমুৰ নৃত্যত ৮০০ খন বাগিচাৰ ৭,৫০০ গৰাকী নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিব। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ ৰাজ্য চৰকাৰৰ তিনিটা প্ৰতিনিধি দলে পাঁচখন দেশ ভ্ৰমণ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।