ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটীত শোভাযাত্রা, সমদল আদি নিষিদ্ধ ঘোষণা

এডভান্টেজ আছাম শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আইন-শৃংখলা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। এই সন্মিলনৰ বাবে আৰক্ষীয়ে গুৱাহাটীত শোভাযাত্রা, সমদল আদি নিষিদ্ধ ঘোষণা কৰিছে। মহানগৰ আৰক্ষীয়ে কালি এটা নির্দেশ যোগে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এনেধৰণৰ শোভাযাত্রা, সমদলকে ধৰি সমূহীয়া কাৰ্যসূচীৰ ফলত মহানগৰীত ভীষণ যান-জটৰ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সন্মিলনৰ পূৰ্বে এনেধৰণৰ কাৰ্যসূচী নিষিদ্ধ কৰা হৈছে। উল্লেখযোগ্য যে কালি কেইবাগৰাকীও মন্ত্ৰীয়ে পর্যালোচনা বৈঠকত অংশ লৈ ৰাজ্যৰ নিৰাপত্তা আৰু সুৰক্ষাজনিত দিশসমূহৰ বুজ লোৱাৰ লগতে কোনো ক্ষেত্রতে যাতে অভ্যাগতসকল সমস্যাৰ সন্মুখীন নহয় সেই কথা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল।