ডাউনলোড
মোবাইল এপ

android apple
signal

January 6, 2025 7:12 PM | Rajiv Ranjan

printer

গুৱাহাটীত মীন পালন খণ্ডৰ উন্নয়নৰ বাবে ৫০টা প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন

কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত মীন পালন খণ্ডৰ উন্নয়নৰ বাবে ৫০ কোটি টকা ব্যয়সাপেক্ষ ৫০টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ মীন খণ্ডৰ আন্তঃগাঁথনি উন্নয়ন, উৎপাদনশীলতা বৃদ্ধি আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। অসমত ইয়াৰ ভিতৰত ১২ টা প্ৰকল্প ৰূপায়ণ কৰা হ’ব। এই প্ৰকল্পৰ অংশ হিচাপে দৰং জিলাত সংহত একুৱা পার্ক স্থাপন কৰি বছৰি ১৫০ মেট্রিকটন মাছ উৎপাদন কৰা হ’ব। এই প্ৰকল্পৰ জৰিয়তে ১০ৰ পৰা ১৫ কোটি টকা ৰাজহ আহৰণ কৰাৰ লগতে কমেও দুহেজাৰ জন লোকৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। একেদৰে কামৰূপ জিলাত এটা মাছৰ খাদ্য উৎপাদনৰ বৃহৎ উদ্যোগে ২০ হেজাৰ মেট্রিকটন খাদ্য উৎপাদন কৰিব। অসমৰ উপৰি মণিপুৰত ৭টা, নাগালেণ্ড আৰু ত্ৰিপুৰাত ৩ টাকৈ আৰু ছিকিমত ২৪টা এনে প্ৰকল্প ৰূপায়ণ কৰা হ’ব ।
উল্লেখযোগ্য যে মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰ্যালয়ৰ উদ্যোগত তথা ৰাজ্যৰ মীন বিভাগৰ সহযোগত আজি গুৱাহাটীত উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সংশ্লিষ্ট বিভাগ কেইটাৰ অংশগ্রহণেৰে এই বৈঠকৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত উত্তৰপূৰ্বাঞ্চলৰ মৎস্য ক্ষেত্ৰৰ হিতাধিকাৰীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।