ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 7, 2025 7:51 PM | FM in Guwahati

printer

গুৱাহাটীত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সন্ধিয়া উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে’টৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৩০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্রকল্প ৰাজ্যখনত পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ হৈ উঠিব বুলি আশা কৰা হৈছে। আনহাতে, সকলো বতৰতে কাৰ্যক্ৰম হৈ থাকিব পৰা প্ৰকল্পটোত ছহেজাৰ ৮০০ বৰ্গ মিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা গে’টৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি প্রকল্পই গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
ব্ৰহ্মপুত্ৰৰ পাৰত ৩২৭ কোটি টকা ব্যয়সাপেক্ষে সতী ৰাধিকা শান্তি উদ্যান প্রকল্প নিৰ্মাণ কৰা হৈছে। ১ দশমিক ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উদ্যানখন নতুন আয়ুক্ত ভৱনৰ পৰা কাছাৰী ঘাটলৈ নিৰ্মাণ কৰা হৈছে। খন্তেক সময় আগতে আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, বিত্তমন্ত্রী অজন্তা নেওগ আৰু পৰিবহন মন্ত্রী চৰণ বড়োকে ধৰি কেইবাগৰাকীও মন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।
ইয়াৰ আগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি আবেলি জাগীৰোডৰ চেমিকনডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি প্ৰকল্পটোৰ কাম-কাজৰ অগ্ৰগতি সম্পর্কে বুজ লয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সামগ্রিক দৃশ্যপট সলনি কৰিবলৈ অগ্ৰসৰ হোৱা জাগীৰোডৰ এই প্ৰকল্পত উপস্থিত থাকিবলৈ পাই তেওঁ আনন্দিত হোৱা বুলি মন্তব্য কৰে। উদ্যোগিক ক্ষেত্ৰক নতুন ৰূপ দানেৰে সমগ্ৰ অঞ্চলটোত নিয়োগৰ সুযোগ সৃষ্টি কৰিব পৰা এই প্ৰকল্পটো অসমত স্থাপন কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰীমতী সীতাৰমনে অসম আৰু উত্তৰ-পূৱ ভাৰতৰ থলুৱা উদ্যোগী, জ্যেষ্ঠ উদ্যোগপতি আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও গঠনমূলক আলোচনাত মিলিত হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী লগতে জলসম্পদ মন্ত্রী পীযুছ হাজৰিকা, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, মুখ্য সচিব ড০ ৰবী কোটা, জিলা আয়ুক্ত অনামিকা তিৱাৰী, টাটা ইলেকট্রনিক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ ৰণধীৰ ঠাকুৰৰ লগতে অন্যান্য গন্য মান্য ব্যক্তি উপস্থিত থাকে। অহা বছৰৰ ফেব্ৰুৱাৰীত এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব। প্ৰকল্পটোৱে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।