ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটীত কেইবাখনো নতুন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কেন্দ্ৰীয় ৰে’ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

 
কেন্দ্ৰীয় ৰে’ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসমৰ গুৱাহাটীত কেইবাখনো নতুন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটী-উত্তৰ লখিমপুৰ জননচৱ. দণ পখটফটান্ট
শতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও-গুৱাহাটী যাত্রীবাহী ৰেল আৰু তিনিচুকীয়া-নাহৰলগুণ এক্সপ্ৰেছ এই তিনিখন ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন পথ উৰণ সেঁতু ৰাইজৰ সেৱাত উচৰ্গা কৰে। ইফালে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তিসম্পন্ন নতুন এফ এম ট্রান্সমিটাৰটো আজি মুকলি কৰে। এই অনুষ্ঠানত আকাশবাণীৰ সঞ্চালক প্রধান প্রজ্ঞা পালিৱাল গৌড় আৰু কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে পূৰ্বৰ লুক-ইষ্ট পলিচীক এক্ট ইষ্ট পলিচীলৈ পৰিৱৰ্তন কৰিছে। কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বাজেটত ৫ বাৰকৈ অতিৰিক্ত ধন আবণ্টন দিছে। প্রসঙ্গক্রমে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্রী মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন বুলি অভিহিত কৰাৰ কথাও উল্লেখ কৰে।
১০ কিলোৱাট শক্তিসম্পন্ন আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নতুন এফ এম ট্রান্সমিটাৰটো মুকলি কৰি শ্রীবৈষ্ণৱে কয় যে এই কেন্দ্ৰটোৱে বি টি আৰৰ জনসাধাৰণৰ বহুদিনীয়া সপোন পূৰণ কৰিলে। এতিয়াৰে পৰা এফ এম বেণ্ডৰ ১০২ মেগাহার্টজত আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰটোৱে অনুষ্ঠান প্ৰচাৰ কৰিব আৰু এই কেন্দ্ৰটোৰ প্ৰচাৰণে পশ্চিম অসমৰ ধুবুৰী, বঙাইগাঁও আৰু চিৰাং জিলাৰ শ্ৰোতাক সামৰি ল’ব। আজিৰ এই একেটা ভ্রমণতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মৰিগাঁও জিলাৰ জাগীৰোডৰ অৰ্ধপৰিবাহী গোটৰ পৰিদৰ্শন কৰে। ইফালে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে প্রযুক্তিগত বিপ্লৱে দেশক বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। তেওঁ কয় যে ভাৰত বিশ্বব্যাপী উৎপাদনৰ কেন্দ্ৰ হ’বলৈ গৈ আছে। জাগীৰোডস্থিত টাটা অর্ধপৰিবাহী গোটৰ পৰা এই বছৰৰ শেষৰ ফালে অর্ধপৰিবাহী উৎপাদন আৰম্ভ হ’ব বুলিও মুখ্যমন্ত্ৰী ড০ শর্মাই জানিবলৈ দিয়ে।