ডাউনলোড
মোবাইল এপ

android apple
signal

August 8, 2025 8:16 PM | MSME Exhibition

printer

গুৱাহাটীত কাইলৈৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী

গুৱাহাটীত কাইলৈৰ পৰা ২১ আগষ্টলৈ  উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী অনুষ্ঠিত হব। এই অনুষ্ঠানত হস্ত নিৰ্মিত শিল্প কৰ্ম, জনগোষ্ঠীয় বস্ত্ৰশিল্প, জৈৱিকভাৱে উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু মত বিনিময় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি ভাৰতীয়  ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰসাৰ আয়োগৰ উত্তৰ পূৱ মণ্ডলৰ এটা প্ৰতিনিধি দলে কৃষি মন্ত্ৰী অতুল বৰাক গুৱাহাটীৰ জনতা ভৱনত সাক্ষাৎ কৰি এই প্ৰদৰ্শনী সন্দৰ্ভত আনুষ্ঠানিকভাৱে অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে এই পদক্ষেপে নতুন উদ্যমীসকলক উদ্যোগ খণ্ডলৈ অধিক আকৰ্ষিত কৰিব বুলি আশা কৰিব পাৰি। তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগখণ্ডক শক্তিশালী কৰিব পৰা এই পদক্ষেপৰ বাবে আয়োগৰ দলটোক ধন্যবাদ জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।