ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটীত উপস্থিত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল কালি গুৱাহাটীলৈ উভতি আহে। ছিংগাপুৰ ভ্ৰমণ তথা এছ আই টিৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত আজি এখন সংবাদ মেল সম্বোধন কৰি মুন্না প্রসাদ গুপ্তাই কয়, যে তেওঁলোকে ২০ অক্টোবৰত ছিংগাপুৰত থকা উচ্চ আয়ুক্তৰ সৈতে বৈঠকত মিলিত হৈছিল। ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ পাঁচজনীয়া এটা দলৰ সৈতে বৈঠকত মিলিত হৈ তদন্তৰ তথ্য বিনিময় কৰা বুলিও এছ আই টিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰে। ছিংগাপুৰ আৰক্ষীয়ে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে এছ আই টি তদন্তৰ তথ্যসমূহ প্ৰদান কৰাৰ আশ্বাস দিয়ে বুলিও তেওঁ কয়। এছ আই টিৰ দলটোৱে ছিংগাপুৰৰ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে জুবিন গাৰ্গ থকা হোটেলৰ চিচি টিভি ফুটেজ দিবলৈ ছিংগাপুৰ আৰক্ষীক অনুৰোধ জনায়। প্ৰয়োজনত ঘটনাৰ দিনা য়টত থকা প্ৰবাসী অসমীয়াসকলক পুনৰ তলব কৰা হ’ব বুলিও মুন্না প্ৰসাদ গুপ্তাই জনায়। একেখন সংবাদমেলতে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মৃত্যুৰ আগৰ পাঁচ-ছয় দিনত জুবিন গাৰ্গে বাৰ্তা প্ৰেৰণ কৰা কোনো লোকৰ হাতত কিবা তথ্য থাকিলে এছ আই টিক জনাবলৈ আহ্বান জনায়।

মুন্না প্রসাদ গুপ্তাই জনোৱা অনুসৰি জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে এই পর্যন্ত প্রায় ৭০ জন লোকৰ ভাষ্য গ্রহণ কৰিছে। আজি চি আই ডি কার্যালয়লৈ প্ৰথমবাৰৰ বাবে গৈ গৰিমা শ‍ইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে ভাষ্য প্ৰদান কৰে। আজিৰ দিনটোতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ দুই ব্যৱসায়ী অংশীদাৰকো এছ আই টিয়ে সোধাপোছা কৰে৷

আনহাতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰণ বিভাগে দুটাকৈ পৃথক পৃথক গোচৰ ৰুজু কৰিছে। এই গোচৰৰ ভিত্তিত নন্দেশ্বৰ বৰাৰ নগাঁৱৰ ননৈ আৰু পৱেশ বৈশ্যৰ হাজোৰ বাসগৃহত পৃথকে পৃথকে মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলায়।