ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ শক্তি মন্ত্ৰীৰ পর্যালোচনা বৈঠক

কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লাল খট্টৰৰ অধ্যক্ষতাত আজি গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু ছিকিমৰ লগতে অসমৰ শক্তি মন্ত্রী নন্দিতা গালোচা উপস্থিত থকা এই পর্যালোচনা বৈঠকত শক্তিৰ বিতৰণ সন্দৰ্ভত আলোচনা কৰা হয়। পর্যালোচনা বৈঠকত অন্তত কেন্দ্ৰীয় শক্তি মন্ত্ৰী শ্ৰীখট্টৰে সংবাদমাধ্যমক কয় যে, উত্তৰ-পূবত শক্তি আৰু পৰ্যটনৰ বহু সম্ভাৱনা আছে। বৈঠকত গুৱাহাটী স্মার্ট চিটী প্রকল্প সন্দৰ্ভত আলোচনা হোৱা বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে, নির্বাচিত স্মার্ট চিটীৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক পুঁজি প্ৰদান কৰিব। স্মাৰ্ট চিটীৰ অৱশিষ্ট কাম কৰিবৰ বাবে সময়সীমা এবছৰলৈ বৃদ্ধি কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। অহা বছৰৰ মাৰ্চত ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।