ভাৰতীয় গণসংযোগ প্রতিষ্ঠান- আই আই এম চিয়ে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সহযোগত আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ ২০ বছৰ পূৰ্তি উদযাপন বিষয়বস্তুৰে
দেশপ্রেম, ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনাৰ প্ৰতীক হৈ পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাজ্যসভাত কালি বন্দে মাতৰম গীতৰ ডেৰশ বছৰীয়া বার্ষিকী সন্দৰ্ভত আলোচনাৰ পাতনি মেলি শ্রীশ্বাহে কয়, যে এই অমৰ সৃষ্টিৰাজিয়ে দেশমাতৃৰ প্ৰতি কৰ্তব্য আৰু উৎসৰ্গাৰ মনোভাৱ যোগাই তোলে। বন্দে মাতৰমৰ আৱশ্যকতা স্বাধীনতা সংগ্ৰামৰ সময়তো আছিল আৰু আজিও আছে আৰু ২০৪৭ চনত ভাৰতবৰ্ষ বিকশিত ৰাষ্ট্ৰৰূপে পৰিগণিত হোৱাৰ সময়তো ইয়াৰ প্ৰাসংগিকতা অক্ষুন্ন থাকিব বুলি শ্ৰীশ্বাহে উল্লেখ কৰে।