December 9, 2025 7:34 PM | AIR

printer

গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন

ভাৰতীয় গণসংযোগ প্রতিষ্ঠান- আই আই এম চিয়ে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত কাইলৈ আৰু পৰহিলৈ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ ২০ বছৰ পূৰ্তি উদযাপনৰ লগতে এই সামূহিক অনাতাঁৰ কেন্দ্ৰসমূহত সেৱা আগবঢ়োৱা পূব আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অংশগ্ৰহণকাৰী, গণ মাধ্যমৰ শিক্ষক, চৰকাৰী প্রতিনিধি আৰু সমল ব্যক্তিসকলক একেখন মঞ্চতে সন্মিলিত কৰোৱাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হয় ৷ গুৱাহাটীৰ আজাৰাত কাইলৈ পুৱা ১০ বজাৰ পৰা এই সন্মিলন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।