গুৱাহাটীত আজিৰ পৰা ২১ আগষ্টলৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত হস্ত নির্মিত শিল্প কর্ম, জনগোষ্ঠীয় বস্ত্ৰশিল্প, জৈৱিকভাৱে উৎপাদিত সামগ্রী প্রদর্শন আৰু মত বিনিময় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কালি ভাৰতীয় ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰসাৰ আয়োগৰ উত্তৰ-পূব মণ্ডলৰ এটা প্ৰতিনিধি দলে কৃষি মন্ত্ৰী অতুল বৰাক গুৱাহাটীৰ জনতা ভৱনত সাক্ষাত কৰি এই প্রদর্শনী সন্দৰ্ভত আনুষ্ঠানিকভাৱে অৱগত কৰে মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে এই পদক্ষেপে নতুন উদ্যমীসকলক উদ্যোগ খণ্ডলৈ অধিক আকৰ্ষিত কৰিব বুলি আশা কৰিব পাৰি। তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগখণ্ডক শক্তিশালী কৰিব পৰা এই পদক্ষেপৰ বাবে আয়োগৰ দলটোক ধন্যবাদ জ্ঞাপন কৰে।
Site Admin | August 9, 2025 10:57 PM | MSME Exhibition
গুৱাহাটীত আজিৰ পৰা ২১ আগষ্টলৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী
