গুৱাহাটীত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ প্ৰথম দিনা কোৱালিফায়িং ৰাউণ্ডৰ খেল

অসম টেনিছ সন্থাৰ উদ্যোগত কালিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হোৱা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ প্ৰথম দিনা কোৱালিফায়িং ৰাউণ্ডৰ খেল অনুষ্ঠিত হয়। ল’ৰা আৰু ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনুৰ্ধৰ প্ৰতিযোগিতাখনত ছোৱালীৰ ১২ অনুৰ্ধৰ শাখাত কোৱালিফায়িং মেচ অনুষ্ঠিত হ’বলৈ বাকী আছে। কালি প্ৰথম দিনাৰ খেলত ছোৱালীৰ ১৪ বছৰ অনুৰ্ধৰ শাখাত সকলো কোৱালিফায়িং মেচ অনুষ্ঠিত হৈছে। সেই অনুসৰি ৰিয়া বড়ো, আয়ান্যা বৰা, আৰিয়ানা কাকতি, নন্দিনী আমছি, ধানিস্কা মহন্ত আৰু আলবিৰা খানমে কোৱালিফায়িঙৰ ফাইনেল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে। ইপিনে আজি পুৱাৰে পৰা ল’ৰাৰ ১২ আৰু ১৪ বছৰ অনুৰ্ধৰ কোৱালিফায়িঙৰ ফাইনেলৰ ৰাউণ্ডৰ মেচসমূহ অনুষ্ঠিত হ’ব বুলি অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জানিবলৈ দিছে। উল্লেখযোগ্য যে আয়োজক অসমকে ধৰি দেশৰ ১৩ খন ৰাজ্যৰ প্ৰায় ১৫০ খেলুৱৈয়ে প্ৰতিযোগিতাখনত যোগদান কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।