গুৰু পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ আউনীআটি বিদ্যা নিকেতনত প্ৰাচীৰ পত্ৰিকা উন্মোচন

● গুৰু পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ মানকটা লক্ষ্মীনগৰত অৱস্থিত আউনীআটি বিদ্যা নিকেতনত কালি এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ দেৱগোস্বামীয়ে গুৰু পূৰ্ণিমাৰ বিশেষত্ব সন্দৰ্ভত ব্যাখ্যা কৰে। শিক্ষানুষ্ঠানখনৰ এখন পত্রিকাও আনুষ্ঠানিকভাৱে উন্মোচন কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সৃষ্টিশীল কাম-কাজ অব্যাহত ৰাখিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত অঞ্চলটোৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। গুৰু পূর্ণিমা উপলক্ষে শিক্ষানুষ্ঠানখনত এখন ভাওনাও পৰিৱেশন কৰা হয় বুলি আকাশবাণীৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।