ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 18, 2025 8:47 PM | Om Birla

printer

গুৰুগ্ৰামৰ সন্মিলনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ভাষণ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যলৈ দেশৰ যুৱক-যুৱতীসকল আগবাঢ়ি যাবলৈ হ’লে তেওঁলোকক সঠিক পথ প্ৰদৰ্শন কৰাৰ লগতে কাৰিকৰী সহায় আৰু সঠিক নীতি নিৰ্ধাৰণেৰে আগুৱাই নিয়াটো প্রয়োজন। আজি গুৰুগ্ৰামত অনুষ্ঠিত এখন সন্মিলনত ভাষণ দি তেওঁ কয় যে সমাজ আৰু জাতিৰ সামগ্রিক বিকাশত সামাজিক সংগঠনসমূহৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। অধ্যক্ষগৰাকীয়ে লগতে কয় যে বৰ্তমানৰ যুৱক-যুৱতীসকলৰ পৰিৱৰ্তিত পৰিস্থিতিত নিজকে সহজতে খাপ খোৱাই লব পৰাৰ ক্ষমতা থকাৰ লগতে ভৱিষ্যত গঢ় দিয়াৰ ক্ষমতা, আৰু জাতি নিৰ্মাণৰ প্ৰতি উদ্যম আছে। তেওঁ ভাষণ প্রসংগত উল্লেখ কৰে যে সম্প্ৰতি যুৱক-যুৱতীসকল কেৱল চাকৰি প্ৰত্যাশী হোৱাৰ পৰিৱৰ্তে চাকৰি সৃষ্টিকাৰী হৈ পৰিছে। ভাৰতীয় গণতন্ত্ৰৰ বিষয়ে উল্লেখ কৰি লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে ভাৰতীয় গণতন্ত্র কেৱল স্বাধীনতাৰ পিছৰ পৰিঘটনা নহয়, বৰঞ্চ আমাৰ গণতন্ত্ৰ জাতিটোৰ কৰ্মনীতি, সংস্কৃতি, আচৰণ, আধ্যাত্মিক বিশ্বাস, আৰু সমাজৰ সামূহিক কল্যাণৰ মাজত গভীৰভাৱে নিহিত হৈ আছে। তেওঁ কয় যে স্বাধীনতাৰ সময়ত বহু দেশে ভাবি লৈছিল যে ভাৰতৰ দৰে বৃহৎ আৰু বৈচিত্র্যপূৰ্ণ এখন ৰাষ্ট্ৰত গণতন্ত্র সফল নহ’ব। কিন্তু ভাৰতে তেওঁলোকৰ চিন্তা ধাৰণাক ভুল বুলি প্ৰমাণ কৰিলে ।