ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুজৰাটৰ বন বিভাগে ধ’লেৰাত জলাহ ভূমিৰ বিস্তৃতিৰে পৰিৱেশ-তন্ত্রৰ অনুকুল কামক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

যিদৰে পাহাৰ আৰু সমতলভূমিত জংঘল থাকে, সেই জংঘলে মাটিখিনি বান্ধি ৰাখে, ঠিক তেনেদৰে সাগৰৰ পাৰত থকা Mangrove অর্থাৎ জলাহ ভূমিৰো একেধৰণৰ গুৰুত্ব থাকে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকশবাণীৰ মন কী বাতত কয় যে জলাহ ভূমি সাগৰৰ লুণীয়া পানী আৰু জলাশয় ভূমিত বৃদ্ধি পায় আৰু সামুদ্রিক পৰিৱেশ-তত্ত্বৰ ই এক গুৰুত্বপূর্ণ অংশ। দুলামি বা ঘূণীৰ্বতাহৰ দৰে দুৰ্যোগৰ ক্ষেত্ৰত এই জলাহ ভূমি অতি সহায়ক বুলি প্রমাণিত হয়। জলাহ ভূমিৰ এই গুৰুত্ব উপলব্ধি কৰি গুজৰাটৰ বন বিভাগে এক বিশেষ অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে পাঁচ বছৰ পূৰ্বে বন বিভাগৰ দলটোৱে আহমেদাবাদৰ ওচৰৰ ধ’লেৰাত জলাহ ভূমিৰ কাম আৰম্ভ কৰিছিল আৰু আজি ধ’লেৰা উপকূলত চাৰে তিনি হাজাৰ হেক্টৰত জলাহভূমি বিস্তৃত হৈ আছে। এই জলাহভূমিৰ প্ৰভাৱ আজি সমগ্র অঞ্চলটোত দেখা গৈছে। তাৰ পৰিৱেশ-তন্ত্রত ডলফিনৰ সংখ্যা বৃদ্ধি পাইছে। কেঁকোৰা আৰু অন্যান্য জলজ প্রাণীৰ সংখ্যাও পূৰ্বতকৈ অধিক হৈ পৰিছে। কেৱল এইটোৱেই নহয়, এতিয়া ইয়াত ব্যাপক হাৰত পৰিভ্ৰমী চৰাইবোৰো আহিছে। ইয়াৰ ফলত কেৱল তাৰ পৰিৱেশৰ ওপৰত ভাল প্ৰভাৱ পৰাই নহয়, ধ’লেৰাৰ মীল পালকসকলো লাভান্বিত হৈছে।  ধোলেৰাৰ উপৰি গুজৰাটৰ কচ্ছত জলাহ ভূমিৰ খেতিও পূর্ণ গতিত চলি আছে, য’ত কোৰি ক্ৰিকত এখন ‘মেংগ্রোভ লার্নিং চেন্টাৰ”-ও নিৰ্মাণ কৰাৰ কথা শ্ৰীমোদীয়ে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।