গুজৰাটৰ আহমেদাবাদত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া 171 বিমান উৰণৰ সময়ত দুর্ঘটনাগ্রস্ত

গুজৰাটৰ আহমেদাবাদৰ মেঘানি নগৰত আজি দুপৰীয়া ২৪২গৰাকী যাত্ৰী কঢ়িয়াই লণ্ডন অভিমুখে উৰা মাৰিবলৈ লোৱা এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখন উৰণৰ সময়তে দুৰ্ঘটনাগ্রস্ত হয়। অসমর্থিত বাতৰি অনুসৰি বিমানখনত থকা আৰোহীসকলৰ এজনো জীয়াই থকাৰ সম্ভাৱনা নাই। ১৬৯গৰাকী ভাৰতীয়, ৫৩গৰাকী ব্ৰিটিছ, এগৰাকী কানাডিয়ান আৰু সাতগৰাকী পর্তুগীজ নাগৰিক থকা ঘটনা সংঘটিত হোৱাৰ পাছতে অগ্নিনির্বাপন বাহিনী, আৰক্ষী আৰু দুৰ্যোগ সঁহাৰি বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। গুৰুতৰভাবে আহতসকলক ততালিকে সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰি তোলাৰ বাবে দুৰ্ঘটনা সংঘটিত স্থানলৈ যোৱা আটাইকেইটা পথ বন্ধ কৰি দিয়া হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনা গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে এই অবর্ণনীয় পৰিস্থিতিৰ সন্মুখীন হোৱা লোকসকলৰ ওচৰত সমগ্ৰ ভাৰতবাসী আছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধাৰ অভিযানৰ অহৰহ তথ্য লৈ আছে আৰু সকলো সাহায্যৰ প্ৰতিশ্ৰুতি দিছে। প্রধানমন্ত্রী মোদীয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন ৰায়ডুৰ সৈতে কথা পাতি সকলো দিশৰ বুজ লয়। শ্ৰী ৰায়ডুয়ে কয় যে, সকলো ধৰণৰ তাৎক্ষণিক পদক্ষেপ লোৱা হৈছে আৰু মন্ত্ৰালয়ে এই দুৰ্যোগ অভিযানৰ সকলো তথ্য লৈ আছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে কথা বতৰা পাতি সকলো সাহায্যৰ প্ৰতিশ্ৰুতি দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।