গুজৰাটৰ আহমেদাবাদক ২০৩০ বৰ্ষৰ কমনৱেল্থ গেমছ ক্রীড়া সমাৰোহৰ আয়োজক চহৰৰূপে প্ৰক্ষেপ কৰা হৈছে। কমনৱেল্থ ক্ৰীড়াৰ কাৰ্যবাহী পৰিষদৰ এখন বৈঠকৰ অন্তত এই ঘোষণা কৰা হয়। কমনৱেল্থ ক্রীড়া আন্দোলনে শতবৰ্ষত ভৰি দিয়াৰ সময়ত ভাৰতত এই সংস্কৰণৰ আয়োজনৰ পদক্ষেপ ঐতিহাসিকৰূপে বিবেচিত হৈছে। অহা মাহত কমনৱেল্থ ক্ৰীড়াৰ সাধাৰণ সভাত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। কেন্দ্ৰীয় চৰকাৰ, গুজৰাট চৰকাৰ আৰু ভাৰতীয় কমনৱেল্থ গেমছ এছ’চিয়েচনে সন্মিলিত ৰূপত আহমেদাবাদত ২০৩০ চনত এই ক্রীড়া প্রতিযোগিতা আয়োজনৰ প্ৰস্তাৱ দাখিল কৰিছিল ৷ খেলো ইণ্ডিয়াৰ লেখিয়া উদ্যমৰ জৰিয়তে দেশত ক্ৰীড়া সংস্কৃতিৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰি অহা নিৰলস প্ৰচেষ্টাৰ বাবে এয়া সম্ভৱ হৈছে বুলি গৃহমন্ত্রী অমিত শ্বাহে উল্লেখ কৰে। দেশক অভিনন্দন জ্ঞাপন কৰি শ্ৰীশ্বাহে কয়, যে দেশত বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনিৰ বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ খেলুৱৈসকলক দিয়া প্ৰশিক্ষণৰ জৰিয়তে ভাৰতে এই সন্মান অর্জন কৰিছে।
কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই আহমেদাবাদত হ’বলগীয়া এই আগশাৰীৰ ক্ৰীড়া প্ৰতিযোগিতাখন প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ ক্ষণ হ’ব বুলি উল্লেখ কৰে। তেওঁ কয়, যে ই ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান নেতৃত্বক প্ৰতিফলিত কৰে। ক্রীড়াই জনসাধাৰণক এক কৰাৰ লগতে প্ৰজন্মক অনুপ্ৰাণিত কৰে বুলি তেওঁ উল্লেখ কৰে।