ৰে’লৱে সুৰক্ষা বাহিনী আৰ পি এফত এতিয়াৰে পৰা প্ৰতি বছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে ৰে’লৱে সুৰক্ষা বাহিনীক আধুনিক প্রযুক্তিৰে উন্নত কৰাৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ বিষয়ে সদৰি কৰে। গুজৰাটত আজি আৰ পি এফৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে শীঘ্ৰেই আৰ পি এফৰ জোৱানসকলক উন্নত প্ৰযুক্তিৰ ভি এইচ এফ ছেট প্ৰদানৰ লগতে উন্নত ডিজিটেল প্রযুক্তি আৰু ড্রোণ চালনাৰ প্ৰশিক্ষণ দিয়া হ’ব। যোৱা ১১ বছৰত ভাৰতীয় ৰে’লৱেৰ ৰূপান্তৰ আৰু প্ৰগতিৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰী বৈষ্ণৱে কয়, যে ৩৫ হাজাৰ কিলোমিটাৰ নতুন ৰে’লপথ নিৰ্মাণ কৰাৰ উপৰি ৯৯ শতাংশ ৰে’লপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈছে। তদুপৰি চৰকাৰে ৰে’ল ষ্টেচনৰ পুনৰ উন্নতকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা দ্ৰুত গতিত কাৰ্যকৰী হৈছে আৰু ৭ হাজাৰ ৩০০ টা ষ্টেচনৰ উন্নীতকৰণৰ পৰিকল্পনা লোৱা হৈছে। ইয়াৰে ১১০ টাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি শ্ৰী বৈষ্ণৱে জানিবলৈ দিয়ে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে আজি মুম্বাই – আহমেদাবাদ বুলেট ট্ৰেইন প্ৰকল্পৰ অন্যতম মুখ্য অংশ নির্মীয়মান বিলিম’ৰা বুলেট ট্ৰেইন ষ্টেছন পৰিদৰ্শন কৰে।