ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 3, 2024 5:03 PM | Akashvani

printer

গায়েনাৰ এনজেৰেকোৰ চহৰত এখন ফুটবল খেলত হিংসাত্মক পৰিস্থিতিত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি

দক্ষিণ-পূব গায়েনাৰ এনজেৰেকোৰ চহৰত এখন ফুটবল খেলৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ ফলত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে গায়েনাৰ ৰাষ্ট্ৰপতি মামাদি ডুমবৌয়াই শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে, এই মর্মান্তিক ঘটনাত ক্ষতিগ্রস্তসকলক প্ৰাৰম্ভিক সঁহাৰি দিবলৈ চৰকাৰে সকলো প্ৰচেষ্টা চলাইছে।তদুপৰি এই ঘটনাৰ ক্ষয় ক্ষতি মূল্যায়নৰ বাবে প্রধানমন্ত্রী আমাডৌ আউৰি বাহৰ নেতৃত্বত এটা জৰুৰীকালীন অভিযান কাৰ্যকৰী কৰা হৈছে। এই ঘটনাৰ কাৰণ নিৰ্ণয় আৰু দায়ীসকলক চিনাক্ত কৰাৰ বাবে এখন তদন্ত আয়োগো গঠন কৰা হ’ব বুলি প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।