● গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি ৮৪ সংখ্যক জন্ম বার্ষিকী। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটী কাহিলিপাৰাত থকা জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত শিল্পী খগেন মহন্তৰ জয়ন্তী উপলক্ষে যায় অ’ কানু বাই বেণু শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। বিয়লি ৫.৩০ বজাত আৰম্ভ হোৱা এই অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতসমূহৰ স্মৃতি সোঁৱৰণ কৰা হৈছে।
উল্লেখযোগ্য যে সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। ১৯৬৫ চনৰ পৰা আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে গীত গাই ১৯৭২ চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। ১৯৭৪ চনৰ পাছত তেওঁ আকাশবাণীত সুৰকাৰ হিচাপে চাকৰিত যোগদান কৰি পাছলৈ সংগীত প্রযোজক আৰু শেষত আকাশবাণীৰ উত্তৰ-পূব সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক হিচাপে ২০০১ চনৰ ৩১ ডিচেম্বৰত অৱসৰ লয়। ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ছোৱাত বিষ্ণু প্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, যুগল দাসৰ হাৰমণি দলৰ এজন সক্রিয় সদস্যৰূপে ৰাজ্যজুৰি শান্তিৰ হকে তেওঁ গীত পৰিৱেশন কৰিছিল। কাউৰী পৰে, মা আমি শদিয়ালৈ যামে আদিকে ধৰি কেইবাটিও কালজয়ী গীতেৰে অসমৰ সংগীত ক্ষেত্ৰখনক তেখেতে সমৃদ্ধ কৰি গৈছে। ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহৰ পৰা সংগ্ৰহ কৰা লোকগীতসমূহ ৰাইজলৈ আগবঢ়াই দিয়াৰ লগতে বিহু গীতসমূহৰ প্ৰসাৰ আৰু প্ৰচাৰৰ তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।