ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গান্ধী জয়ন্তী উপলক্ষে দেশজুৰি মহান নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

● জাতিৰ পিতা মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে আজি সমগ্র দেশে মহান নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দেশৰ ভিন ভিন স্থানৰ লগতে বিদেশত থকা ভাৰতীয় দূতাৱাসসমূহতো আজি বিভিন্ন কাৰ্যসূচীৰ গান্ধী জয়ন্তী উদযাপন কৰা হয়। মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি বাপুজীৰ সমাধি ৰাজঘাটত আজি এখন সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আজি পুৱা ৰাজঘাটত উপস্থিত হৈ গান্ধীজীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জয়ন্তী উপলক্ষে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত, মহাত্মা গান্ধীয়ে সত্য, অহিংসা আৰু সংহতিৰ বাণীৰে দেশৱাসীক ঐক্যবদ্ধ কৰিছিল বুলি উল্লেখ কৰি কয়, যে ইয়াৰ জৰিয়তে প্ৰতিজন লোকেই শান্তি, ভাতৃত্ব আৰু সত্যৰ পথেৰে আগবাঢ়ি যাবলৈ অণুপ্ৰেৰণা লাভ কৰিব।

অসমতো আজি গান্ধী জয়ন্তী উপলক্ষে প্ৰাৰ্থনা সভা আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়।