মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ ৩৬ হাজাৰ ৮৩৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ চেক প্রদান কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে ভোলাগুৰিৰ ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই তেওঁৰ ভাষণত কয়, যে ৰাজ্য চৰকাৰে বিগত ৪ বছৰত মহিলাসকলক বিভিন্ন দিশত আগবঢ়াই নি সবলীকৰণৰ বাবে নিৰন্তৰ কাম কৰিছে। বৰ্তমানৰ অসম চৰকাৰে গ্ৰহণ কৰা বহু আঁচনি দেশৰ আন আন ৰাজ্যসমূহেও অনুকৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। চত্তিশগড়, ঝাৰখণ্ড, পশ্চিমবংগ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, হাৰিয়ানা আৰু দিল্লী চৰকাৰে অৰুণোদয় আঁচনিৰ অনুৰূপ কাৰ্যসূচী নিজ নিজ ৰাজ্যত প্ৰৱৰ্তন কৰাৰ কথা উল্লেখ কৰি ড০ শৰ্মাই কয়, যে ইয়ে মহিলা সবলীকৰণৰ দিশত অসম দেশৰ আদৰ্শ ৰাজ্যলৈ পৰিগণিত হোৱাতোকে প্ৰমাণ কৰে। আজিৰ অনুষ্ঠানত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, প্রমোদ বৰঠাকুৰ, দিগন্ত ঘাটোৱালকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | November 13, 2025 7:34 PM | CM in Gohpur
গহপুৰত ৩৬,৮৩৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ চেক প্রদান