দেশ বুলিলে আদেশ নালাগে বুলি কোৱা, প্ৰতিটো কাম প্ৰতিটো চিন্তাৰে স্বদেশৰ শইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচা, সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য্যৰ আজি ওপজা দিন। মৃত্যুৰ মাজতো শৈল্পিক ৰূপৰ সন্ধান কৰা কবিগৰাকীৰ কবিতাত সাৱলীল ৰূপত মূৰ্ত হৈছিল শাশ্বত প্ৰেম, বিপ্লৱ, বঞ্চিতজনৰ হাহাকাৰ, আবেগ, প্ৰকৃতি আৰু জীৱনৰ অপাৰ ৰহস্যময়তা। অসমীয়া ভাষাত ১৩ খন কাব্যগ্ৰন্থ আৰু বঙালী ভাষাত দুখনকৈ কাব্যপুথি অনুদিত হোৱা কবিগৰাকীৰ ১৯৯২ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও পৰিচিত কবিগৰাকীৰ কবিতাৰ নিৰ্মেদ শব্দচয়নে পাঠকক সদায় আলোড়িত কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কবিগৰাকীৰ ওপজা দিন উপলক্ষে আজি তেওঁৰ স্মৃতিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে তেওঁৰ কাব্য চেতনা আৰু অতুলনীয় সৃষ্টিৰাজিয়ে অসমীয়া ভাষা সাহিত্যৰ ভড়াল সমৃদ্ধ কৰি গৈছে। হীৰেণ ভট্টাচাৰ্যৰ ওপজা দিন উপলক্ষে হীৰেণ ভট্টাচাৰ্য ন্যাসৰ উদ্যোগত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত আজি সন্ধিয়া এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ড০ মাধৱ বৰা, ডাঃ ৰণজিৎ বৰুৱা আৰু বীৰেন সিংহই কবিগৰাকীৰ স্মৃতিচাৰণ কৰে। অনুষ্ঠানত যশস্বী শিল্পী ড০ শান্তনা বৰদলৈ, পুলক বেনাৰ্জী, কবি সিংহ, মনোজোৎস্না মহন্ত আৰু অৰ্ঘদীপ বৰুৱাই কবিগৰাকীৰ গীত আৰু কবিতা পৰিবেশন কৰিব।
Site Admin | July 28, 2025 9:25 PM | Akashvani News | hiren bhattacharjee | Hiruda on his birth anniversary
সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য্যৰ আজি ওপজা দিন
