● বহুমুখী সংযোগ সাধনৰ বাবে প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই আজি ৪ বছৰ সম্পূৰ্ণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ১৩ অক্টোবৰত ভিন্ন অর্থনৈতিক মণ্ডলত বহুমুখী আন্তঃগাঁথনিমূলক সংযোগ গঢ়ি তোলাৰ বাবে এই পৰিকল্পনা মুকলি কৰিছিল। এই পদক্ষেপৰ অধীনত পৰিবহণৰ বিভিন্ন মাধ্যমৰ জৰিয়তে দেশৰ সকলো প্ৰান্তৰ জনসাধাৰণক সুচল আৰু কাৰ্যকৰী সংযোগ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত প্রান্তীয় অঞ্চলত বাস কৰা লোকসকলৰ পৰিবহণৰ সময় হ্ৰাস পোৱাৰ লগতে সেই অঞ্চলসমূহৰ জনসাধাৰণৰ সৈতে যোগাযোগ সুচল হৈ উঠিছে। প্রধানমন্ত্ৰীৰ গতিশক্তি অভিযানে বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগক সমন্বিত কৰি আন্তঃগাঁথনি উন্নয়ন ব্যৱস্থা সংহত কৰি তুলিছে। ইয়াৰ ফলত প্রকল্পসমূহ ৰূপায়ণত সুবিধা হৈছে। প্ৰধানমন্ত্রী গতিশক্তিয়ে ৫৭ টা মন্ত্ৰালয়ৰ উপৰি ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত একেখন ডিজিটেল মঞ্চত উপনীত কৰাইছে।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয়, যে প্রধানমন্ত্ৰীৰ গতি শক্তি পৰিকল্পনাই চৰকাৰৰ সৰ্বাত্মক দৃষ্টিভংগীৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ পৰিকল্পনাত ৰূপায়ণ সাধন কৰিছে। সামাজিক মাধ্যমত শ্ৰী গোৱেলে এই বিষয়ে উল্লেখ কৰি কয়, যে চাৰি বছৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰা এই পদক্ষেপ দেশৰ আন্তঃগাঁথনি খণ্ডৰ পট পৰিৱৰ্তনকাৰী হিচাপে পৰিগণিত হৈছে। দেশৰ সকলো অংশলৈ বয়-বস্তুৰ সৰবৰাহ আৰু যাতায়াত সুচল হোৱাৰ পৰিপ্ৰেক্ষিতত ই বিকশিত ভাৰতৰ যাত্ৰাত অৰিহণা যোগাইছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।