ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গণৰাজ্য দিৱসৰ কুছকাৱাজত উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰিব

নতুন দিল্লীৰ কৰ্তব্য পথত হ’বলগীয়া গণৰাজ্য দিৱসৰ কুছকাৱাজত উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰিব। অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে আগবঢ়োৱা আর্থিক সাহায্যত কাইলৈ এই ছাত্ৰ-ছাত্ৰীকেইগৰাকী দিল্লীলৈ ৰাওনা হ’ব। বিভাগীয় মন্ত্রী সান্তনা চাকমাই এই কথা প্ৰকাশ কৰি কয়, যে এইবাৰ সমগ্ৰ দেশৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ মুঠ ৪১৫ গৰাকী ছাত্ৰ-ছাত্ৰী এই কুছকাৱাজত অংশগ্ৰহণ কৰাৰ বাবে বাচনি কৰা হৈছে। তেওঁ লগতে জানিবলৈ দিয়ে যে, এই বাচনি মেধা আৰু সম্ভাৱনাৰ ভিত্তিত কৰা হৈছে। ইয়াৰে তিনিগৰাকী পশ্চিম ত্ৰিপুৰা জিলাৰ পৰা আৰু ধলাই, খোৱাই আৰু উত্তৰ ত্ৰিপুৰা জিলাৰ পৰা একোজনকৈ প্ৰাৰ্থীবাচনি কৰা হৈছে।