ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গণতান্ত্রিক প্রমূল্য আৰু সাংবিধানিক আদর্শসমূহ উদ্ভাসিত কৰাৰ উদ্দেশ্যে সকলো প্ৰতিষ্ঠানক একগোট হৈ কাম কৰি যাবলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি মুম্বাইত আয়োজিত এটা অনুষ্ঠানত মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ ৪৩৪টা ঔদ্যোগিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ বৃত্তিমুখী প্রশিক্ষণ কেন্দ্ৰৰ সংবিধান মন্দিৰসমূহ মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্রী ধনখড়ে কয় যে, সংবিধান হৈছে গণতন্ত্ৰৰ আত্মা আৰু সংসদ হৈছে ইয়াৰ সংৰক্ষক। তেওঁ আৰু কয় যে, সংবিধান পঢ়ি আৰু হৃদয়ঙ্গম কৰি ইয়াৰ প্ৰতি উপযুক্ত সন্মান প্ৰদৰ্শন কৰা উচিত। গণতান্ত্রিক প্রমূল্য আৰু সাংবিধানিক আদর্শসমূহ উদ্ভাসিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ সকলো প্ৰতিষ্ঠানক একগোট হৈ কাম কৰি যাবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থাকি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে কয় যে, ভাৰতীয় সংবিধানৰ বাবেই বিশ্বৰ ভিতৰতেই আমাৰ দেশ সবাতোকৈ প্ৰাণৱন্ত গণতন্ত্ৰৰ দেশ হিচাপে বিবেচিত। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় সামাজ ন্যায় আৰু সৱলীকৰণ ৰাজ্য মন্ত্ৰী ৰামদাস আঠাৱালে, মহাৰাষ্ট্ৰৰ দক্ষতা, নিয়োগ, উদ্যমিতা আৰু উদ্ভাৱন মন্ত্ৰী মঙ্গল প্রভাত লোধাও উপস্থিত থাকে।