ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 14, 2025 8:02 PM | ajanta neog

printer

গজমিত্ৰ আঁচনিত গোলাঘাট জিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ’ব : মন্ত্রী অজন্তা নেওগ

ৰাজ্য চৰকাৰৰ গজমিত্ৰ আঁচনিত অহা এপ্ৰিলৰ পৰা গোলাঘাট জিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ’ব বুলি বিত্ত মন্ত্রী অজন্তা নেওগে আজি এখন সংবাদমেলত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, অসম বিধানসভাৰ বাজেট অধিৱেশনত শেহতীয়াকৈ ঘোষণা কৰা অনুসৰি গজমিত্ৰ আঁচনিত ৰাজ্যখনৰ হাতী-মানুহৰ সংঘাত থকা ৫ খন জিলাক অন্তৰ্ভুক্ত কৰা হৈছিল। দীৰ্ঘদিনধৰি গোলাঘাট জিলাত এই সংঘাত চলি থকাৰ পাছতো গজমি আঁচনিত জিলাখনৰ নাম অন্তর্ভুক্ত নোহোৱাক লৈ জনসাধাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছিল। ইয়াৰ ফলস্বৰূপে আজি বিত্তমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলৰ জৰিয়তে গোলাঘাট জিলাক এই আঁচনিত অন্তর্ভুক্ত কৰাৰ কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে এইবাৰৰ বাজেটত উল্লেখ কৰা অন্যান্য আঁচনিসমূহৰ বিষয়েও জনসাধাৰণক অৱগত কৰে।