ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গংগাৰ সংৰক্ষণ কেৱল পৰিৱেশৰ সংৰক্ষণেই নহয় বৰং ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, বিশ্বাস আৰু লাখ লাখ মানুহৰ জীৱন ৰেখাৰ সৈতে জড়িতঃ কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাটিল

কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলে গুৰুত্ব আৰোপ কৰি কয়, যে গংগাৰ সংৰক্ষণ কেৱল পৰিৱেশৰ সংৰক্ষণেই নহয় বৰং ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, বিশ্বাস আৰু লাখ লাখ মানুহৰ জীৱন ৰেখাৰ সৈতে জড়িত। নতুন দিল্লীত কালি গংগা সজীৱকৰণ সম্পৰ্কীয় সৱলীকৰণ টাস্ক ফৰ্চৰ ষষ্ঠদশ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীপাটিলে এইদৰে কয়। এই ক্ষেত্ৰত লাভ কৰা সাফল্যত সন্তুষ্টি প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টাস্ক ফৰ্চে বিগত এটা বছৰত গ্ৰহণ কৰা কাৰ্যসূচীয়ে ৮০ শতাংশ সমস্যা সফলভাৱে সমাধান কৰে বুলি উল্লেখ কৰে। তেওঁ কয়, যে এই কাৰ্যৱলীসমূহে গংগা সজীৱতাৰ বাবে শক্তিশালী ভেটি স্থাপন কৰাৰ লগতে গংগা আৰু ইয়াৰ উপনৈসমূহৰ বাবে এটা সামগ্ৰিক পৰিকাঠামো সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশ আৰু বিহাৰৰ জলাশয়ৰ পৰিস্থিতিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াত ২৮২ আৰু ৩৮৭টা জলশয়ৰ মূল্যায়ন কৰা হৈছে আৰু ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ৪০টা আৰু বিহাৰৰ ১৯টাক উচ্চ অগ্ৰাধিকাৰ হিচাপে চিনাক্ত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে অধিসূচনা জাৰি কৰি এই ৫৯টা জলাশয়ক আইনী সুৰক্ষা প্ৰদান কৰিবলৈ দুয়োখন ৰাজ্যকে আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গংগা অৱবাহিকাৰ সকলো ৰাজ্যকে কেন্দ্ৰীয় জল আয়োগৰ সকলো নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ আহ্বান জনায় কয়, যে স্পৰ্শকাতৰ অঞ্চলসমূহৰ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ বাবে এনে নিৰ্দেশনা অতি জৰুৰী। এই বৈঠকত অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিভিন্ন মন্ত্ৰ্যালয়ৰ মুখ্য অংশীদাৰসকল উপস্থিত থাকে।