■ ৰাজ্য চৰকাৰে খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰ্ণ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্রহণ কৰা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে ৰাজ্যত খৰাংসদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৰাজ্যিক দুৰ্যোগ বুলি বিবেচনা কৰি মন্ত্ৰীসভাই অসম দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নীতি অনুসৰি নিৰ্ধাৰিত জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰণৰ সুবিধা প্রদানত অনুমোদন জনায়। খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাকেইখন হৈছে—- ডিব্ৰুগড়, তিনিচুকীয়া, বঙাইগাঁও, ধুবুৰী, বৰপেটা, বাক্সা আৰু চিৰাং। এই জিলাকেইখনত ৪০ শতাংশ কম বৰষুণ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
অসম মন্ত্রীসভাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৩৫৭ কোটি টকা ব্যয় সাপেক্ষে অধ্যাপকৰ আবাসগৃহ আৰু ছাত্রাবাস নিৰ্মাণৰ প্ৰকল্পত অনুমোদন জনায়। ৮৫ হাজাৰ ৫০৯ বৰ্গ মিটাৰ এলেকাজুৰি নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অতিৰিক্ত সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বৈঠকত মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ৰাজ্য চৰকাৰৰ ৪ হাজাৰতকৈও অধিক আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে ভূমি আৱণ্টনত অনুমোদন জনোৱা হয়। ইপিনে, এটি কলি দুটি পাত আঁচনি ৰূপায়ণৰ বাবে ৩৪২ কোটি টকাৰ বিত্তীয় আৱণ্টনটো মন্ত্রীসভাই অনুমোদন জনায়। এই আঁচনিৰ অধীনত যোগ্য বিবেচিত চাহ বাগিচাৰ প্ৰায় সাত লাখ শ্ৰমিক আৰু কৰ্মচাৰীক পাঁচ হাজাৰ টকাৰ একক কিস্তিত এই ধন বিতৰণ কৰা হ’ব।
খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব
