ডাউনলোড
মোবাইল এপ

android apple
signal

July 30, 2025 1:33 PM | Ravi kota

printer

খৰাংসদৃশ পৰিস্থিতিৰ বহাবে মুখ্য সচিব ড০ ৰবি কোটাৰ কেইবাটাও বিভাগলৈ নিৰ্দেশনা জাৰি

ৰাজ্যত চলিত বৰ্ষত হোৱা খৰাংসদৃশ পৰিস্থিতিৰ পৰা কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে মুখ্য সচিব ড০ ৰবি কোটাই কেইবাটাও বিভাগলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। মুখ্য সচিবগৰাকীয়ে সকলো জিলাৰ আয়ুক্তক তাৎক্ষণিকভাৱে জলসিঞ্চন আঁচনিসমূহৰ কাৰ্যক্ষমতা পর্যালোচনা কৰিবলৈ নিৰ্দেশ দিছে। বিশেষকৈ ক্ষতিগ্রস্ত অঞ্চলসমূহত এনে আঁচনিসমূহ তাৎক্ষণিকভাৱে কাৰ্যক্ষম কৰিবলৈ কোৱা হৈছে। তদুপৰি ড০ কোটাই সংশ্লিষ্ট বিভাগসমূহক পাম্পছেট, ক্ষুদ্র জলসিঞ্চন, নলা-নৰ্দমাৰ ব্যৱস্থা আৰু অন্যান্য জল উৎসসমূহ সক্ৰিয় কৰাৰ বাবে সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছে। কৃষকসকলক তাৎক্ষণিকভাৱে যোগান ধৰিব পৰাকৈ কম সময়তে হোৱা ধানৰ বীজ মজুত ৰাখিবলৈও কৃষি বিভাগক মুখ্য সচিবগৰাকীয়ে নিৰ্দেশ দিছে। জিলা কৃষি বিষয়াসকলে বৰষুণৰ পৰিমাণ যথেষ্ট হ্রাস হোৱা অঞ্চলসমূহক অগ্ৰাধিকাৰ দি বীজ বিতৰণৰ পৰিকল্পনা কৰিব লাগিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। আনহাতে প্ৰধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত পঞ্জীয়ন আৰু এই আঁচনিসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈও জিলা আয়ুক্তসকলক কোৱা হৈছে। মুখ্য সচিবগৰাকীয়ে দিয়া নিৰ্দেশনা অনুসৰি বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পোৱা অথবা খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলা আয়ুক্তসকলে কৃষি, জলসিঞ্চন, পশুচিকিৎ‍সা আৰু পশুপালন বিভাগ, অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ সৈতে তাৎক্ষণিকভাৱে সমন্বয়মূলক বৈঠক অনুষ্ঠিত কৰিব লাগিব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই বৈঠকৰ প্ৰতিবেদন কাইলৈৰ ভিতৰত দাখিল কৰিব লাগিব।

অধিক পঢ়ক

সকলো চাওক