ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 1, 2024 1:07 PM | khel maharon

printer

খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে ৪৯ লাখতকৈও অধিক পঞ্জীয়ন

ৰাজ্যত অহা ১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে ৪৯ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেলৰ প্ৰতি থকা এনেধৰণৰ অভূতপূর্ব সঁহাৰিয়ে অসমৰ ক্ৰীড়া সংস্কৃতিক উৎসাহ যোগোৱাৰ লগতে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বিকাশক প্ৰতিফলিত কৰিছে বুলি সামাজিক মাধ্যমযোগে অৱগত কৰিছে। এইবাৰৰ খেল মহাৰণ প্ৰতিযোগিতা এথলেটিকছ, ফুটবল, ভলীবল, দবা, সাঁতোৰ, কাবাড়ী আৰু চাইক্লিং এই ৭টা শাখাত অনুষ্ঠিত হ’ব। খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে পুৰুষৰ সমানে মহিলাসকলেও নিজৰ নাম পঞ্জীয়নভুক্ত কৰিছে। এইপর্যন্ত ২২ লাখৰো অধিক মহিলাই খেল মহাৰণৰ বাবে পঞ্জীয়ন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত জনপ্রিয় শিল্পী অংগৰাগ মহন্তৰ খেল মহাৰণ ২.০ৰ উদ্দেশ্য আৰু যোৱা সংস্কৰণৰ সফলতাক সামৰি ক্ৰীড়ানুৰাগীসকলৰ জ্ঞাতাৰ্থে আগবঢ়োৱা এটা বিশেষ বাৰ্তা শ্বেয়াৰ কৰি ক্ৰীড়া আৰু প্ৰতিভাৰ এই বিশেষ উদযাপনত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুকসকলক আহ্বান জনায়।