November 3, 2024 12:29 PM | khel maharon

printer

খেল মহাৰণৰ দ্বিতীয় পর্যায়ে যোৱা বৰ্ষৰ নাম পঞ্জীয়নৰ অভিলেখ ভংগ কৰি এক মাইলৰ খুটি স্থাপন কৰিছে

খেল মহাৰণৰ দ্বিতীয় পর্যায়ে যোৱা বৰ্ষৰ নাম পঞ্জীয়নৰ অভিলেখ ভংগ কৰি এক মাইলৰ খুটি স্থাপন কৰিছে। খেল মহাৰণৰ জৰিয়তে ক্রমান্বয়ে মানুহৰ মাজত গঢ় লৈ উঠা ক্রীড়া মানসিকতাই ৰাজ্যত ক্রীড়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমত এটা পোষ্টত কয় যে, যোৱাবাৰ এই কাৰ্যসূচীত ৫২ লাখ ৭৬ হাজাৰ লোকে নাম পঞ্জীয়ন কৰাৰ বিপৰীতে এইবাৰ কালিলৈ ৫৩ লাখ ৫৮ হাজাৰ লোকে নাম পঞ্জীয়ন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাসমূহক বিকাশৰ বাবে এখন মঞ্চ দিয়াৰ বাবে খেল মহাৰণৰ আয়োজন কৰা বুলি উল্লেখ কৰে।