ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 14, 2025 8:12 PM | Khelo India

printer

খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহ ২০২৫ৰ শুভংকৰ আৰু প্ৰতীকপট মুকলি

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহ ২০২৫ৰ শুভংকৰ আৰু প্ৰতীকপট মুকলি কৰে। এই উপলক্ষে আজি পাটনাৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা ৪ৰ পৰা ১৫ মেলৈ বিহাৰৰ ভিন ভিন চহৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হব। প্রতিযোগিতাত ভলীবল, বাস্কেটবল, বক্সিং, কাবাডীকে ধৰি নিয়মীয়া খেলসমূহৰ উপৰি এথলেটিক্স আৰু চেপাক টাকৰোৰ ১৮ বিধ ভিন ভিন ক্রীড়া অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।