খেলো ইণ্ডিয়া বীচ্ছ গেমছত অসমে এটা সোণসহ ৮ টা পদক জয়েৰে অভিযান সমাপ্ত

খেলো ইণ্ডিয়া বীচ্ছ গেমছত অসমে এটা সোণসহ ৮ টা পদক জয়েৰে অভিযান সমাপ্ত কৰিছে। দমন আৰু দিউৰ লগতে দাদাৰা আৰু নগৰ হাবেলীত অনুষ্ঠিত উদ্বোধনী বৰ্ষৰ প্ৰতিযোগিতাখনত অসম পদক তালিকাৰ দহ নম্বৰ স্থানত আছে। উদ্বোধনী বৰ্ষৰ খেলো ইণ্ডিয়া বীচ্ছ গেমচত মুঠ ৬বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকাত পাঁচটা সোণসহ মুঠ ১৩ টা পদকেৰে মণিপুৰ শীৰ্ষ স্থানত আছে।