ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 20, 2024 8:00 PM | Khelo India

printer

খেলো ইণ্ডিয়া অস্মিতা মহিলা লীগৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰা মহিলা খেলুৱৈৰ সংখ্যা যথেষ্ট বৃদ্ধিঃ মনসুখ মন্দাভিয়া

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই আজি কৈছে যে খেলো ইণ্ডিয়া অস্মিতা মহিলা লীগে ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰা মহিলা খেলুৱৈৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰিছে। কেৰালাৰ থিৰুৱনন্তপুৰত থকা ভাৰতীয় ক্রীড়া কৰ্তৃপক্ষৰ বিদ্যায়তনিক শাখা লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষা মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা ৩০০ খন বিচনাযুক্ত মহিলাৰ আৱাস উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ড° মন্দাভিয়াই খেলুৱৈসকলক ক্রীড়াক কেৱল চৰকাৰী চাকৰিৰ পথ বুলি নাভাবিবলৈ আহ্বান জনাই কয় যে, তেওঁলোকে দেশৰ হৈ খেলিব লাগে, পদক লাভ কৰিব লাগে আৰু দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিব লাগে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্চপ্ৰাণৰ ওপৰত আলোকপাত কৰি কয় যে, পদক লাভ কৰিলে কেৱল ব্যক্তি আৰু তেওঁলোকৰ আপোনজনেই নহয় সমগ্র দেশেও এনে কৃতিত্বৰ বাবে গৌৰৱ কৰে। উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে আজি উদ্বোধন কৰা মহিলাৰ আৱাসটো খেলো ইণ্ডিয়া সৃষ্টি আৰু আন্তঃগাথনি প্ৰকল্পৰ উন্নীতকৰণৰ অধীনত নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অলিম্পিক, এচিয়ান আৰু অন্যান্য আন্তৰাষ্ট্ৰীয় খেলত ভাৰতক প্রতিনিধিত্ব কৰা ক্রীড়াবিদসকলক সম্বর্ধনা জনায়।