ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জ্বৰৰ হত্যাৰ সৈতে ভাৰত জড়িত থকাৰ অভিযোগৰ কোনো শক্তিশালী প্রমাণ নাছিল বুলি কানাডাৰ প্ৰধানমন্ত্রীৰ স্বীকাৰ

কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন ট্রুডোই প্ৰাৰম্ভিক অৱস্থাত ভাৰত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জ্বৰৰ হত্যাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰাৰ সময়ত দেশখনৰ ওচৰত এই অভিযোগৰ সপক্ষে কোনো শক্তিশালী প্রমাণ নাছিল বুলি স্বীকাৰ কৰিছে। বিদেশী হস্তক্ষেপ তদন্তৰ সময়ত কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অভিযোগ শক্তিশালী প্ৰমাণৰ নহয় বৰং চোৰাংচোৱা তথ্যৰ ওপৰতহে আধাৰিত আছিল বুলি সদৰী কৰিছে।